বংশ পৰিচয়
আমাৰ দেশত গুণে, জ্ঞানে, ধনে, মান-মর্য্যাদাৰে লেখত লবলগা এটা বংশতে কবিপ্রাণ চন্দ্ৰকুমাৰৰ জন্ম হৈছিল।
ঋষিকল্প পুৰুষ হৰিবিলাস আগৰৱালাদেৱ এখেতৰে পিতৃ। এই বংশৰে লোক বৰায় বাহাদুৰ আনন্দচন্দ্র আগৰৱালাদেৱ এজন খ্যাতনামা প্রত্নতাত্ত্বিক আৰু সাহিত্যিক। ৰূপকোঁৱৰ জ্যোতি-প্রসাদ আগৰৱালা এই চন্দ্রকুমাৰৰে ভতিজাক। চিৰ চেনেহী মোৰ ভাষা জননীৰ সমৃদ্ধিত বিভিন্ন দিশত সুকীয়াভাৱে অৱদান যোগানত প্রত্যেকেই অপূর্ব বৈপ্লবিক। যি কেইজন বিশিষ্ট সাহিত্যসেৱীৰ নাম ইয়াত উল্লেখ কৰা হৈছে ইয়াৰ প্ৰত্যেক-জনৰে সুকীয়া সুকীয়া গুণত আমাৰ দেশবাসী অকল মুগ্ধ নহয় সিবিলাকৰ কৰ্তব্য পৰায়ণতাৰ কাৰণে সকলোৱেই কৃতজ্ঞতাপূর্ণ অন্তৰেৰে শ্রদ্ধাশীল! বিশ্লেষণ কৰি চালে দেখা যায় সিবিলাকৰ কৰ্তব্য পৰায়ণতাৰ গুৰি কথা হল, দেশৰ প্রতি প্রেম, ভাষা জননীৰ অপূর্ণতা দূৰীকৰণৰ বাবে প্রত্যেকেই নিজ ৰুচি আৰু শক্তিঅনুযায়ী অকপট ভাৱে অৰিহণা যোগায়! এইবিলাকেই এই গোটেই বংশৰে মৰ্য্যাদাদানকাৰী দ্যোতক স্বৰূপ।
এই বংশৰ আদি পুৰুষজনৰ নাম নওৰংৰাম আগৰৱালা বুলি জনা যায়। ঘৰ আছিল ৰাজপুতনাৰ জয়পুৰ ৰাজ্যৰ অন্তর্গত "টাইৰ” নামে এখন গাৱঁত। তেখেতৰ জন্ম ইং ১৮১১ চনত। জয়পুৰৰ পৰা গোটেই পৰিয়ালটো ইং ১৮২১ চনত বিকানীৰ ৰাজ্যৰ চুক নামে নগৰলৈ উঠি যায়। তেতিয়া নওৰংবাম নাবালক আছিল। তেওঁলোকৰ আর্থিক অৱস্থা তেতিয়া ভাল নাছিল। তেনে সময়তে তেওঁৰ পিতৃ হেমৰাজৰ মৃত্যু হয়।
তেতিয়া নওবংৰামৰ বয়স মুঠে ১৬ কি ১৭ বছৰ। তেওঁৰ ভায়েক দুজন-এজনৰ নাম ৰামলাল আনজনৰ নাম গোলাপচন্দ। এই ভায়েক দুজনক দেশত এৰি থৈ মাকক লগত লৈ নওৰংৰামে ইং ১৮২৯ চনত বিকানীৰ চুক নগৰ এৰি পূর্বদেশৰ ফালে গুচি আহি মুর্শিদাবাদ পালে। জনা যায় যে এই মুর্শিদাবাদৰ পৰা তেওঁ নাৱৰ 'চাৰণকাৰ' হৈ তাৰেই উজাই আহি গোৱালপাৰা পায়হি। সেই সময়ত গোৱালপাৰা জিলা গোটেই অসম দেশৰে বাণিজ্যৰ কেন্দ্ৰ-স্থল আছিল। সেই সময়ত নামনি অসম ইংৰাজৰ দখললৈ গৈছিল। উজনি অসমত তেতিয়াও আহোমৰ ৰাজত্ব চলি আছিল।
তেতিয়াৰ দিনত উজনি অসমৰ শেষ সীমা আৰু নামনি অসমৰ সীমা আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে কচুজান বা চেকেৰাজান আৰু বিহালী লৈ, দক্ষিণ পাৰে ধনশিৰি নৈ লৈকে। তেতিয়া বিশ্বনাথত ইংৰাজৰ পল্টন ৰখা হেড-কোৱাৰ্টাৰ (প্রধান ঠাই) আছিল।
অসমৰ বাণিজ্য-কেন্দ্ৰ গোৱালপাৰাত বতনগড়ৰ পৰা অহা ৰামদিয়াল পোদ্দাৰৰ ফাৰ্ম অর্থাৎ ডাঙৰ দোকান আছিল। তাৰে এখন শাখা বিশ্বনাথতো পাতিছিল। গোৱালপাৰা পাই নওবংৰামে সেই পোদ্দাৰৰ ফাৰ্মত গোমোস্তা হিচাপে সোমাই আৰু সেই সময়ত তেওঁক তাৰ পৰা বিশ্বনাথৰ দোকানলৈ পঠাই দিলে।
এই খিনিতে এটা কথা লিখা আশাকৰোঁ অবান্তৰ নহব। আমাৰ দেশ কলা-কৌশলে ইংৰাজসকলে অধিকাৰ কৰাৰ লগে লগে সিবিলাকৰ প্রয়োজনত দুই শ্ৰেণীৰ লোকক আমাৰবংশ পৰিচয় দেশলৈ আনিছিল। প্রথম বেপাৰীসকলক সিবিলাকৰ প্রধান কর্তব্য আছিল অন্তধাৰী ফৌজক বচদ যোগোৱা। ক্রমে যিমান ঠাইত শাসন প্রবর্তন কৰিবলৈ ধৰিলে সেই ঠাইলৈকে এই ব্যৱসায়ী সম্প্রদায়ক লৈ গৈছিল। এই সকলৰ সৰহ ভাগেই আছিল মাৰোৱাৰী সম্প্রদায়ৰ। এইবিলাক আহি ইয়াত স্থায়ীভাবেই বসতি কৰিব লগা হৈছিল। দ্বিতীয়তে শাসন কাৰ্য্য চলাবলৈ লাগে ইংৰাজী ভাষাত শিক্ষিত লোক। ইয়াৰ বাবে প্রধানতঃ আহিছিল বঙালীবন্ধুসকল। সিবিলাকৰ দেশ আমাতকৈ এশ বছৰৰো আগতে ইংৰাজৰ অধীনলৈ যোৱাত তাত ইংৰাজী শিক্ষাৰ বিস্তাৰ সহজে আমাতকৈ বহু আগতে হৈছিল। সেই লোকসকল আহিছিল মনতে মই বৰ ভাব লৈ। সেই সময়ত আমাৰ দেশ, মানবিলাকৰ অত্যাচাৰত একেবাৰে ধনে-জনে জুৰুলা অৱস্থাত। ইয়াৰে সুযোগত সিবিলাকে আমাৰ দেশত শাসন বিষয়ত ওপৰ হাত পালেই, লগতে আমাৰ ভাষাৰ ওপৰতো মাধমাৰ সোধাবৰ সুযোগ গ্রহণ কৰি ঊপৰিৱালা ইংৰাজ কৰ্মচাৰীক সহজে বুজালে যে অসমীয়া ভাষা এটা সুকীয়া ভাষা নহয়, ই বঙালী ভাষাৰ অপভ্রংশ মাথোন। গতিকে আমাৰ দেশত অবাধে বঙলা ভাষা চলিল। বহু চেষ্টাৰ পিচত যেনিবা ১৯০৪ চনৰ পৰাহে প্রকৃততে অসমীয়া ভাষাৰ প্রবর্তন আমাৰ দেশত হবলৈ ধৰে। লিখা বাহুল্য যি সকললোকৰ আপ্রাণ চেষ্টাত আমাৰ ভাষাই স্বাধীনকাৰ লাভ কৰিব পাৰিলে তাৰে অন্যতম আছিল--এই চন্দ্রকুমাৰ আপৰৱালা।
ওপৰত উল্লেখ কৰামতে এই দুয়ো শ্রেণীৰ ভিতৰৰ কোনো কোনো লোকে স্থায়ী ভাবে ইয়াত বসতি কৰিবলৈ লয়।
সিবিলাকে মনত কোনো খুকুৰি নৰখাকৈ এই দেশকে নিজৰ বুলি গ্রহণ কৰি ইয়াতে বিয়া-বাৰু কৰাই ঘৰ-বাৰী স্থায়ী ভাবে কৰি লৈ বসতি কৰিছিল। স্থায়ী ভাবে বসবাস কৰিবলৈ লোৱা ব্যৱসায়ী সম্প্ৰদায়ৰ লোকৰ ভিতৰত আলোচ্য আগৰৱালা 'পৰিয়াল অগ্রণী আছিল।
নওৰংৰামে বিশ্বনাথত পোদ্দাৰৰ ফাৰ্মত কিছুদিন কাম কৰি ব্যৱসায়ৰ আও-ভাও বুজি ললে। লগতে বহুতো মানুহৰ লগতো চিনা পৰিচয় হোৱাত মনত বল পালে। তেওঁ কিছুদিন চাকৰি কৰাৰ পিচত কাম ইস্তফা দি নিজে এখন দোকান খুলিলে। বাহিৰৰ পৰা যিমান সহজ যেন দেখা পালেও, 'সকলোৰে পক্ষে সকলো কাম সমান নহয়। তেওঁ দোকানৰ ফেবিয়াফেৰিত সৰহদিন তিষ্ঠিব নোৱাৰি সেই দোকান তুলি একেবাৰে গমিবিলৈ উঠি গল।
সেই সময়ত গমিৰি অঞ্চল আহোম স্বৰ্গদেৱসকলৰ ৰাজ্যৰ ভিতৰত। ইংৰাজসকলে তেতিয়াও গোটেই অসমদেশ দখললৈ অনা নাছিল। সেই গমিবিতে তেওঁ এখন দোকান খোলে। ইং ১৮৩৩ কি ৩৬ চনত এই দোকান খোলে। দোকানৰ হিচাব পত্র ৰখা বহিৰ পৰা এই কথা জনা যায়। সেই ঠাইত আজিও আগৰৱালা পৰিয়ালৰ মাটি-বাৰী আছে। এইবাৰ তেওঁ স্থায়ীভাবে বসতি কৰিবৰ মন মেলিলে আৰু ওচৰৰ ৰাজখোৱা বংশৰ এগৰাকী জীয়াৰীক বিয়া কৰালে। তেওঁৰ নাম আছিল সাদৰী। দেউতাকৰ নাম থুলুক ৰাজখোৱা।
সেই সময়ত অসম ৰজাৰ ৰাজধানী আছিল যোৰহাটত। ৰজাঘৰত মণিৰাম দেৱান বৰুৱাৰ প্রবল প্রতাপ। নওবংৰামে সময় বুজি এই দেৱানৰ লগত চিনা-পৰিচয় হল। তেওঁৰে সহায়ত উত্তৰ পাবৰ ছয় দুৱাৰৰ ছোৱাতল গড়ৰ পৰা কচুজান বিল আৰু বিহালী নদীলৈকে এই অঞ্চলটোৰ বজাৰ কৰ তোলা, হাটখোৱা আদি কামৰ কাৰণে চনদ লৈ এজন বিষয়া ৰূপে নিযুক্ত হয়।
ব্রহ্মদেশৰ লগত ইংৰাজৰ ৩য় বাবৰ যুদ্ধত ব্রহ্মদেশ হাৰিল। ইয়াণ্ডাবু সন্ধি-পত্র স্বাক্ষৰ হল। সেই সন্ধিসময়তে গাৰ বলেৰে অর্থাৎ আমাৰ দেশ তলতীয়া নথকাতো গোটেই অসম দেশকে ইংৰাজক এৰি দিয়ে। ইংৰাজে গতিকে তেতিয়াৰ পৰা গোটেই ৰাজ্য লৈয়ো কিছুদিনৰ কাৰণে আহোম ৰাজ বংশৰ "কেইজনমানক বছৰি পেঞ্চন দিছিল। বুধিয়ক ইংৰাজে বুজিছিল যে হঠাতে যদি সম্পূর্ণ ৰাজক্ষমতা হাতত লয় হয়তো কৰবাত কিবা গোলমাল বা বিদ্রোহো হব পাৰে। গতিকে পেঞ্চন দিয়াৰ ছলতে বজাক যেন মান্য কৰাৰ ভাও দেখাইছিল। পিচত সেই পেঞ্চন একেবাৰে বন্ধ কৰি দিয়ে।
নতুন ধৰণৰ শাসন প্রবর্তন কৰিবৰ কাৰণে তেতিয়া একোজন জিলা অধিপতি পাতি তেওঁৰ হাততে সকলো শাসন ক্ষমতা ন্যস্ত কৰি দিছিল। জিলাৰ অধিপতি বাঁট (Vetch) চাহাবে নওবংৰামৰ কাম-কাজত উৎসাহ দেখি, পৰিপাটিৰূপে কাম কৰিব পৰা ক্ষমতাৰ গম পাই তেওঁক গমিৰি, বাংচালী আৰু বেঙ্গাবাৰী (বর্তমান বৰঙ্গাবাৰী) এই তিনি খণ্ডৰ মৌজাদাৰ পাতিলে। মৌজাদাৰ হোৱাৰ পিচত তেওঁ কলংপুৰৰ চাৰিখেলীয়াৰ লক্ষ্মী শইকীয়াৰ ভনীয়েক সোণপাহীক দ্বিতীয়া পত্নীৰূপে গ্রহণ কৰে। সেই সময়তে তেওঁ লক্ষীমপুৰ, ডিব্ৰুগড় আদি কেইবাখনো ঠাইত দোকান খুলি তালৈ দেশৰ পৰা দুজন সৰু ভায়েকক আৰু কেইবাজনো আত্মীয় মানুহক আনি সেই দোকানবোৰৰ কামত লগাই দিছিল। গতিকে এতিয়া তেওঁৰ প্রতি ভাগ্য সুপ্রসন্নহৈ উঠিল। দেশত সকলো মানুহৰ মাজত খ্যাতি লাভ কৰিলে। এতিয়া চৰকাৰ পক্ষৰো নজৰত পৰাত তেওঁ গভর্ণমেন্টৰ পল্টনবোৰৰ ৰচদ পাতি যোগাবৰো হুকুম পাইছিল। এই কাম বৰ লাভজনক আছিল।
নওবংৰামৰ প্ৰথমা পত্নী গমিৰিৰ ৰাজখোৱা বংশৰ থুনুক ৰাজখোৱাৰ ভনীয়েক ছাদুৰী বা সাদৰীৰ দুটি লৰা আৰু এজনী ছোৱালীৰ জন্ম হয়। তেওঁৰ প্ৰথম লৰা বাপিৰাম বা হৰিবিলাস আগৰৱালা, দ্বিতীয়া থানুৰাম আগৰৱালা। ছোৱালী জনীৰ নাম আছিল কেটেউ।তেওঁৰে দ্বিতীয়া পত্নী নেওগৰ ঘৰৰ জীয়াৰী-সোণপাহী। তেওঁৰ গৰ্ভত কাশীৰামৰ জন্ম হয় ইং ১৮৪৭ চনত বৰঙ্গাবাৰীৰ নিজ ঘৰত। তেওঁ কলংপুৰ মৌজাৰ মৌজাদাৰ আছিল। ১৮৯৯ চনত সেই বৰঙ্গাবাৰীতে তেওঁৰ মৃত্যু হয়। এই কাশীৰামৰো দুজনী ভাৰ্য্যা আছিল। প্রথম জনী ৰাধিয়া। তেওঁৰ গৰ্ভত তিনিজন 'লৰা জন্ম হয়, প্ৰথমজন মহেশ্বৰ, দ্বিতীয়জন আনন্দচন্দ্ৰ আগৰৱালা, আৰু তৃতীয়জন কমল চন্দ্র। এই আনন্দচন্দ্ৰ আগৰৱালা এজন খ্যাতিমান লোক আছিল। অসমীয়া ভাষা-সাহিত্যত তেওঁৰ অৱদান প্ৰচুৰ। গোৱালপাৰা জিলাত অসমীয়া ভাষাই দুনাই প্রবর্তন কৰা কথাতো তেওঁৰ যত্ন প্রশংসনীয় আছিল। চৰকাৰৰ ঘৰতো ৰায় বাহাদুৰ উপাধী লাভ কৰিছিল। তেওঁ পুলিচ বিভাগত তলৰ খাপৰ চাকৰিত সোমাই ওলাবৰ সময়ত ৰায় বাহাদুৰ উপাধীৰে সৈতে পুলিচ চুপাৰিন্টেন্ডেন্ট হিচাবে অৱসৰ লাভ কৰে। তেতিয়াৰ দিনত এনে চাকৰি পোৱাটো বৰ টান আছিল।
দ্বিতীয়া গৰাকী ভাৰ্য্যাৰ নাম আছিল শয়নী। তেওঁৰ গৰ্ভত তিনি জনী ছোৱালী, ফুলেশ্বৰী, পদ্মেশ্বৰী আৰু তিলৰী আৰু তিনি পুত্র, ধনেন্দ্র, বীৰেন্দ্ৰ আৰু ৰাজেন্দ্ৰৰ জন্ম হয়।
আগতে উল্লেখ কৰা হৈছে যে নওবংৰামৰ প্ৰথমা ভাৰ্য্যাৰ গৰ্ভত প্রথম লৰা হৰিবিলাসৰ জন্ম হয়। এওঁ সময়ত তেজপুৰত এজন আগশাৰীত থাকি সকলো ৰাজহুৱা কামত আগভাগ লৈছিল। এই জনা পুৰুষৰ প্ৰেৰণাত মোৰ পিতৃদেৱে নৰ্ম্মাল স্কুলৰ পণ্ডিতৰ চাকৰি এৰি ব্যৱসায় ক্ষেত্ৰত ধৰি উন্নত হব পাৰিছিল। "অসম বন্তি” কাকতৰ যাবতীয় দায়িত্ব লৈ সম্পাদক পর্যন্ত হৈ কাম কৰিছিল আৰু শেহত যোগ্য পাত্র স্বনামধন্য পদ্মনাথ গোহাঁই বৰুৱাৰ হাতত "অসম বন্তি প্ৰেছ আৰু ঘৰ” স্বেচ্ছাই দান কৰি এটি মাথোন স্বর্ত দিছিল যে "মোৰ জীৱিত কালত "বন্তি" জীয়াই থাকিব লাগিব।তাৰ পিচত মোৰ উত্তৰাধিকাৰীৰ কোনো স্বত্ব নাথাকে।" এইদৰে পিতৃদেৱেই গোহাঁই বৰুৱাৰ চাকৰিৰ পৰা ইস্তফা দি ওলাই আহিবলৈ সহায় কৰিছিল। হৰিবিলাস আগৰৱালা-দেৱে নিজে শঙ্কৰ-মাধৱদেৱৰ কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলী প্রভৃতি পুৰণি পুথিবোৰ ছপাই অসমীয়া সাহিত্যই নিজৰ ঠাই অধিকাৰ কৰাত সমল যোগাইছিল।
তেওঁৰে দ্বিতীয় পুত্র চন্দ্ৰকুমাৰ আগৰৱালা। এই কবিপ্রাণ আগৰৱালা "জোনাকী” যুগ প্রবর্তক ত্রিমূর্ত্তিৰ অন্যতম-আন দুজন হল অভিন্নহৃদয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু লগৰীয়াৰ বন্ধু প্রত্নতাত্ত্বিক পণ্ডিত হেমচন্দ্র গোস্বামী। "জোনাকী" খন আগৰৱালাদেৱৰ দায়িত্বত আৰু আর্থিক সাহায্যত প্রকাশিত হৈছিল। এইটো স্বীকাৰ কৰিব লাগিব যে সেই যুগৰ মুখপত্র হিচাবে প্রকাশিত "জোনাকীৰ” প্রভাৱতে অসমীয়া ভাষা সাহিত্যৰ লুপ্ত গৌৰৱ পুনৰ উদ্ধাৰ পাইছিল।
হৰিবিলাস আগৰৱালাৰ ভাৰ্য্যা মলমাৰ গৰ্ভত প্রথম সন্তান বিষ্ণুপ্রসাদ আগৰৱালা, দ্বিতীয় চন্দ্রকুমাৰ আগৰৱালা, তৃতীয় পৰমানন্দ আগৰৱালা, চতুৰ্থ কৃষ্ণপ্রসাদ আগৰৱালা, পঞ্চম যজ্ঞেশ্বৰী (কন্যা) ষষ্ঠ গোপালচন্দ্র আগৰৱালা।
থানুৰাম আগৰৱালাৰো ভাৰ্য্যা দুগৰাকী, প্রথমা পুনিতা দ্বিতীয়া জোনাকী। পুনিতাৰ গৰ্ভত দিব্যেশ্বৰী, বানেশ্বৰ, দীনেশ্বৰ আৰু খগেশ্বৰ আগৰৱালাৰ জন্ম হয়। এই খগেশ্বৰ আগৰৱালাও কলংপুৰ মৌজাৰ মৌজাদাৰ আছিল। জোনাকীৰ গৰ্ভত-যজ্ঞেশ্বৰ আৰু সোণধনৰ জন্ম হয়।
চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম হয় ইং ১৮৬৭ চনৰ, ২৮ নবেম্বৰত। তেখেতে গোলাঘাটৰ দণ্ডধৰ বৰুৱাদেৱৰ প্রথমা কন্যা মুক্তাপ্রভাক বিয়া কৰায়। তেখেতৰ লৰা তিনিজন জন্ম হয়:- (১) নবীনকুমাৰ আগৰৱালা (২) অৰুণ কুমাৰ (৩) তৰুণ কুমাৰ আগৰৱালা।শেষ বয়সতো এই চন্দ্ৰকুমাৰ আগৰৱালাদেৱেই পোনতে ডিব্ৰুগড়ৰ পৰা "অসমীয়া” সাপ্তাহিক কাকতখন প্রকাশ কৰে। তেতিয়া আমাৰ ভাষাত লেখত লবলগীয়া কাকত মাথোন এইখনেই আছিল। কি দৃঢ় মনোবলেৰে তেখেতে এই কাকত পৰিচালনা কৰিছিল ভাবিলে স্তম্ভিত হব লাগে।
গুৱাহাটীত চন্দ্ৰকুমাৰৰ নশ্বৰ দেহা ত্যাগ হয় ইং ১৯৩৮ চনৰ ২ মার্চ তাৰিখে।স্মৰণ নকৰি নোৱাৰি যে এই বংশৰে আন এটি ৰত্ন ৰূপকোঁৱৰ জ্যোতিপ্রসাদ। তেওঁৰ সাহিত্য আৰু শিল্পকলাৰ অতুলনীয় অৱদানেই অকল নহয়, ৰাজনীতি ক্ষেত্ৰতো তেওঁৰ অৱদান যথেষ্ট আৰু অশেষ প্রশংসনীয়। তেওঁ পৰমানন্দ আগৰৱালাৰ পুত্র আছিল।
আচৰিত হব লগা কথা, দূৰ ৰাজস্থানৰ পৰা এই পৰিয়ালটো আহি একে পুৰুষতে আমাৰ মাজত মিলি গৈ সকলো ক্ষেত্ৰতে একেবাৰে আগশাৰীত ঠাই পাবৰ যোগ্যতা লাভকৰি চিৰকলীয়া খ্যাতি অর্জন কৰিব পাৰিলে।
তথ্য উৎস : চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিভা
পৃষ্ঠা নং: ০৩