বংশ পৰিচয়
আমাৰ দেশত গুণে, জ্ঞানে, ধনে, মান-মর্য্যাদাৰে লেখত লবলগা এটা বংশতে কবিপ্রাণ চন্দ্ৰকুমাৰৰ জন্ম হৈছিল। ঋষিকল্প পুৰুষ হৰিবিলাস আগৰৱালাদেৱ এখেতৰে পিতৃ। এই বংশৰে লোক বৰায় বাহাদুৰ আনন্দচন্দ্র আগৰৱালাদেৱ এজন খ্যাতনামা প্রত্নতাত্ত্বিক আৰু সাহিত্যিক। ৰূপকোঁৱৰ জ্যোতি-প্রসাদ আগৰৱালা এই চন্দ্রকুমাৰৰে ভতিজাক। চিৰ চেনেহী মোৰ ভাষা জননীৰ সমৃদ্ধিত বিভিন্ন দিশত সুকীয়াভাৱে অৱদান যোগানত প্রত্যেকেই অপূর্ব বৈপ্লবিক। যি কেইজন বিশিষ্ট সাহিত্যসেৱীৰ নাম ইয়াত উল্লেখ কৰা হৈছে ইয়াৰ প্ৰত্যেক-জনৰে সুকীয়া সুকীয়া গুণত আমাৰ দেশবাসী অকল মুগ্ধ নহয় সিবিলাকৰ কৰ্তব্য পৰায়ণতাৰ কাৰণে সকলোৱেই কৃতজ্ঞতাপূর্ণ অন্তৰেৰে শ্রদ্ধাশীল! বিশ্লেষণ কৰি চালে দেখা যায় সিবিলাকৰ কৰ্তব্য পৰায়ণতাৰ গুৰি কথা হল, দেশৰ প্রতি প্রেম, ভাষা জননীৰ অপূর্ণতা দূৰীকৰণৰ বাবে প্রত্যেকেই নিজ ৰুচি আৰু শক্তিঅনুযায়ী অকপট ভাৱে অৰিহণা যোগায়! এইবিলাকেই এই গোটেই বংশৰে মৰ্য্যাদাদানকাৰী দ্যোতক স্বৰূপ। এই বংশৰ আদি পুৰুষজনৰ নাম নওৰংৰাম আগৰৱালা বুলি জনা যায়। ঘৰ আছিল ৰাজপুতনাৰ জয়পুৰ ৰাজ্যৰ অন্তর্গত "টাইৰ” নামে এখন গাৱঁত। তেখেতৰ জন্ম ইং ১৮১১ চনত। জয়পুৰৰ পৰা ...